হৃদয়ৰ আহ্বান-2
অৰুণীমাই কৰা এই গুৰুত্বহীনতাৰ অৰ্থ বুজে সি। এইটোও বুজে নীলাভে যে সাম্প্ৰতিক সময়ৰ আবেষ্টনীত এগৰাকী নাৰী অকলশৰে সাংসৰিক বোজা কঢ়িওৱাটো কিমান কঠিন....। কিন্তু বুজিব নোখোজে অৰুণীমাই। নীলাভৰ দুচকুত অৰুণীমাক লৈ সপোন দেখাৰ আগতেই তাই তাক সচকিত কৰি দিছিল ...
: চোৱা মোৰ এজনী ছোৱালী আছে। স্বামী নাই যদিও মই এগৰাকী বিবাহিতা নাৰী। পখিলাক লৈয়ে মোৰ সমস্ত সংসাৰ। এই সংসাৰ মই নিজে চলাই নিছোঁ যদিও কেতিয়াও কাৰো প্ৰতি আক্ষেপ কৰা নাই। নীলাভ তুমি মোতকৈ বয়সটো সৰু গতিকে এইবোৰ চিন্তা কৰা মহা পাপ। সমাজে নিন্দা কৰিব।
অৰুণীমাৰ কথাত আচৰিত হোৱা নাছিল নীলাভ। কাৰণ নীলাভে জানিছিল সবিশেষ। ভাবিছিলেই সি যে অৰুণীমাৰ পৰা ঠিক তেনেকুৱা কিবা এটা প্ৰত্যুত্তৰেই পাব বুলি। তাই সমাজলৈ ভয় কৰে। কিন্তু সি নকৰে। কিয় ভয় কৰিব সি ?? যিখন সমাজতেই দ্বৈত ৰূপ লুকাই থাকে ... ৰ'দৰ পোহৰ আৰু ৰাতিৰ আন্ধাৰত মুখা সলনি কৰে , সেইখন সমাজলৈ সি কিয় ভয় কৰিব ?? পিছে অৰুণীমাক বুজোৱা কঠিন। অৰুণীমায়েও জানে সমাজৰ এই অশ্লীল ৰূপক। কিমান দিন এই ৰূপৰ সন্মুখীন হৈছে তাই ঠিকনা নাই। কিন্তু সমাজৰ অবিহনে মানুহ চলা অসম্ভৱ বুলি ভাবিয়েই তাই নীৰৱে সকলো গ্ৰাস কৰে।
নীলাভ আহি দুৱাৰডলিতে ভেঁজা দি ৰ'ল। পৰ্দাখনৰ আঁৰৰ পৰায়েই অৰুণীমাক মাত লগালে।
: ওলাই নাহা যদি মই যাওঁ ... আৰু এটা কথা পখিলাৰ লগত মই অকণমান ধেমালি হে কৰিছিলোঁ .. ভাবিছিলোঁ তাইৰ মনটোয়ো অলপ পাতল হ'ব বুলি... কিন্তু তুমি যেনেদৰে তাইক টানি লৈ গ'লা.....
কথাখিনি কৈ অলপ পৰ অপেক্ষা কৰিলে নীলাভে। কিজানিবা সঁহাৰি আহেই , সেইবুলি ভাবি। পিছে গোমোঠা বতৰটোৰ দৰে সেই সময়ত কোনো সঁহাৰি অহাটো অনুমান নকৰিলে সি। বাঁহৰ খুটি এটাতে ওলোমাই থোৱা বাইকৰ চাবি পাত লৈ ওলাই যাব খুজিল।
: ভয় লাগে মোৰ ...
গুচি যাবলৈ ওলোৱা নীলাভ ৰৈ গ'ল খন্তেকতে। পিছলৈ ঘূৰি চালে সি।
: ভয় লাগে মোৰ কিজানি মোৰ দৰে মোৰ ছোৱালীয়েও সন্মুখীন হ'ব লগীয়া হয় সমাজৰ এই কলুষিত ৰূপৰ। তাইৰ অবুজন মনটিক কিজানি কোনোবায়ে এইকন বয়সতেই ধাৰাসায়ী কৰি পেলাই সেই লৈ ভয় লাগে মোৰ ....
দুখোজ আগুৱাই আহি অৰুণীমাই ক'লে কথাখিনি।
: তুমি মোক লৈ ভয় কৰিছা ?? মোক লৈ অৰুণীমা !! তুমিচোন জানায়েই পখিলাক মই নিজৰ ছোৱালীৰ দৰেই ...
: এখেত থাকোতে পৃথিৱীখনৰ মই এটা ফাল হে দেখিছিলোঁ , যিটো ফাল সুন্দৰ আছিল। কিন্তু যেতিয়া আমাৰ মাজৰ পৰা তেওঁ হেৰাই গ'ল তেতিয়া মই গোটেই পৃথিৱীখন দেখিলো। পৃথিৱীৰ বিভৎস ৰূপৰ লগতো পৰিচয় হ'লো। বিশ্বাসত কাকো ল'ব নোৱাৰা হ'লো। আপোন মানুহেই বুকুত কুঠাৰ মাৰিলে। ভীষণ বেদনাত ছটফটালোঁ। এতিয়া অলপ সুস্থিৰ হৈছোঁ ... সেয়েহে এই সুস্থিৰ মানুহজনীক মই আকৌ অসুখীয়া কৰিবলৈ নিবিচাৰোঁ। কোনে জানে কাৰ কেনেকুৱা দিন বিলাকে বাট চাই থাকিব পাৰে !!
: মই বুজি পাইছোঁ অৰুণীমা কিন্তু যেনেদৰে বোকাটো কেতিয়াবা পদুম ফুল ফুলে বেয়াৰ মাজতো দুই এজন ভাল থাকে। তুমি মোক অন্যৰ দৰে নহয় বুলি ভাবিব নোৱাৰানে ?? অৰুণীমা বিশ্বাস কৰা মোক , তোমাক মই নিজৰ জীৱনটোয়ো সঁপি দিবলৈ সাজু আছোঁ। তোমাৰ প্ৰতিটো কথায়েই অন্তৰ বিন্ধি তেজ উলিয়াই মোৰ। ভাল পাওঁ মই তোমাক। নিজৰ কৰি ল'বলৈ বিচাৰো ...
: এইয়া কেতিয়াও সম্ভৱ নহয় নীলাভ। সম্ভৱ নহয় কোনো দিনেই..........তুমি আৰু ইয়ালৈ নাহিবা। তুমি নাহিলেই মই সুখী হ'ম। গুচি যোৱা নীলাভ, গুচি যোৱা....
এইবুলি কৈ অৰুণীমাই পলম নকৰি ঘৰৰ ভিতৰলৈ খৰ খেদাকৈ সোমাই গৈ দুৱাৰৰ খিলিটো লগাই দিলে।
আঃ বুকুখনত গভীৰ শোক এটায়ে খুন্দীয়াই থৈ যোৱাৰ দৰে উপক্ৰম হ'ল নীলাভৰ। এবুকু হতাশা বান্ধি সি গুচি গ'লগৈ। ওফন্দি উঠা ডাৱৰৰ পৰা কিছুসময়ৰ পিছতেই বৰষুণ সৰিল ঠিক যেন মেঘৰো উচুপনি।
আগলৈ....