কেইটামান ৰোগৰ ঘৰুৱা উপায়
১)পাকস্থলীৰ ঘা(GASTRIC ULCER)--
 নহৰুৰ ৰস  ১২গ্ৰামত সামান্য পানী মিহলি
 কৰি একেৰাহে ১৫দিন খালে এই ৰোগ ভাল হয়|
২)জণ্ডিছ-  ২০গ্ৰাম কেৰেলাৰ ৰসত ১কাপ
 পানী মিহলাই ৰাতিপুৱা আৰু গধূলি খাব
 লাগে|
৩)হেঁকেটি- খুব মিহিকৈ আদা এটুকুৰা
 চকলিয়াই খালে সকলো প্ৰকাৰ হেঁকেটি
 সহজে বন্ধ হোৱা দেখা যায়|
৪)ফোঁহা-দেহৰ কোনো অংগত ফোঁহা হলে
 নহৰু ২/৩ ফুটা খুন্দি কিছু জ্ঞময় প্ৰলেপ
 দিলে ফোঁহা সহজে শুকায়|
৫)নিউমোনীয়া(PNEUMONIA)-দোৰোণ
 বনৰ ৰস ২চামুচকৈ সমপৰিমানৰ পানী দি
 দিনে তিনিবাৰ খাব লাগে আৰু খুন্দি মূৰত
 প্ৰলেপ দিয়া ভাল|দোৰোণ বনৰ পাতৰ ৰস
 বুকুত মালিচ কৰিলেও ৰোগীয়ে যথেষ্ট
 আৰাম পায়|
৬)কঁকালৰ বিষ- কেঁচা আলুগুটি ২টা পিহি
 কঁকালত লগাই (১৪/১৫ মিনিট)ৰাখিলে
 যথেষ্ট আৰাম পোৱা যায়|
৭)স্মৃতিশক্তি হ্ৰাস- ব্ৰাহ্মীশাকৰ ৰস ১৫/২০
 মি:লি: অলপ গাখীৰ মিহলি কৰি খালে
 স্মৃতিশক্তি বৃদ্ধি হয়|



 স্বেয়াৰ কৰক,নিজে সুস্থ্য
 স্বেয়াৰ কৰক,নিজে সুস্থ্য থাকি আনকো সুস্থ ৰাখক|||

 
 
 
 
 
 
 
 
 
 
 
 
 
