তাইৰ অনুভৱেৰে মোৰ কথাৰে এটি নামবিহীন কবিতা
ঐ... মই তোমালৈ অপেক্ষা কৰি আছো 
নাজানো কিয় তাই মোলৈ ৰৈ থাকে 
এই আধুনিকতাৰ পৃথিৱীত তাই হেনো মোক নিসংগতাৰ সংগ হিচাপে পাইছে 


মইয়ো তাইক অভিমানবোৰৰ পৰা আতঁৰাই আনিছো 
তাই মোক যেতিয়াই কয় তোমাক আপোন আপোন লাগে তেতিয়াই মোৰ নিঠৰুৱা হৃদয় খনে প্ৰশ্ন কৰে তাই মোক ভাল পাই পেলাইছে নেকি
তাই কেতিয়াবা নিৰ্জন ৰাতিৰ বেলাত মোক মাতি পঠিয়াই
মোৰ বুকুৰ উম পাবলৈ তাই হাবাথুৰি খাইছে নেকি 
মইয়ো কেতিয়াবা তাইক লৈ অভিমান কৰো তেতিয়াই মোৰ ভয় লাগে মইয়ো কি তাইক.... ছি : কিযে ভাবিছো
তাই মোক প্ৰায়ে কয় " তুমি মোৰ পৰা বহুত দূৰত আছা " 
মই তাইক কও " মনেৰে ভাবিলে মোৰাজাৰ বহু দূৰ নহয় "
আজি মোৰ মনত মৌন কোলাহল পাৰ বিচাৰি পোৱা নাই প্ৰেমৰ 
আজি অচিনাকী এজনক তাই বুকুত ঠাই দিছে যদিও শংকাৰে ভৰি পৰে তাই মুগ্ধ হিয়া খনি

মোৰো একেই পৰণতি আজি চিনাকী মুখবোৰ জ্বলি জ্বলি শেষ হৈ গল
আৰু কি জানা তাইক মই হৃদয়ৰ গোপন কোঠাত অমানিশাৰ এন্ধাৰত লগ পাবলৈ লৈছো 
তাই আজি মোলৈ প্ৰথম বাৰ ফোন কৰিছিল কিন্তু তাই মোক ভয়ৰ প্ৰতিশ্ৰুতি দি গল
তাই হেনো ভয় খাইছে মায়াৰ এই
পৃথিৱীত চকুৰ আতঁৰৰ এজনৰ লগত কথা পাতিবলৈ
পৃথিৱীত চকুৰ আতঁৰৰ এজনৰ লগত কথা পাতিবলৈ
মইয়ো নিজৰ ভালপোৱাৰ অলপ তাইলৈ যাঁচি ক্ষন্তেকতে ফোনটো কাটি দিলো ...
আৰু হঠাৎ কৈ পেলালো মই হয়তো তাইতেই ভালপোৱাৰ সংজ্ঞা বিচাৰি পাইছো 




