Type Here to Get Search Results !

এজন ৰিক্সাচালকৰ গৌৰৱ

 


★★এজন ৰিক্সাচালকৰ গৌৰৱ ★★
স্কুলখনৰ গেটৰ কাষতে ৰিক্সাখন ৰখাই চিটটোৰ ওপৰতে বহি আছিল মুনিন । এখন বিলাসবহুল চাৰিচকীয়া গাড়ী আহি তাৰ ৰিক্সাখনৰ পৰা অলপ আঁতৰতে ৰ’লহি । গাড়ীখনৰ পিছৰ চিটৰ দৰ্জাখন খুলি ভদ্ৰ মহিলা এগৰাকী নমাৰ লগে লগে , মহিলাগৰাকীৰ পাছে পাছে তেওঁৰ সাত–আঠ বছৰীয়া মৰমলগা ল’ৰা সন্তানটোও নামি আহিল । মহিলাগৰাকীয়ে সন্তানটোৰ মুখত চুমা এটা খাই ক’লে —ভালকৈ পঢ়িবা দেই সোণ ।ন’হলে এই মানুহজনৰ নিচিনা ৰিক্সা চলাব লাগিব ।
মানুহজনীয়ে কথাকেইটা মুনিনৰ ফালে নোচোৱাকৈ কৈছিল যদিও,ল’ৰাজনে লগে লগে মুনিনৰ পিনে চোৱাত দুয়ো চকুৱে চকুৱে পৰিল ।
মুনিনে হঠাৎ মৰমলগা সৰু ল’ৰাটোৰ চকুত সমগ্ৰ ৰিক্সা চলোৱা মানুহবোৰৰ প্ৰতি এক ঘৃণাৰ ভাৱ জাগি উঠা দেখিবলৈ পালে ।
এটা সময়ত ল’ৰাটোক স্কুলৰ গেটৰ ভিতৰত সোমোৱাই থৈ মানুহজনী গাড়ীৰ ভিতৰত বহাৰ লগে লগে গাড়ীখনে মুনিনৰ পিনে ধূলি উৰুৱাই অহাৰ বাটে গুচি গ’ল ।
ধূলিৰে মলিয়ন হৈ পৰা মুখখন কান্ধত লোৱা গামোচাখনেৰে মচিব খুজিও মুনিনৰ হাতখন ৰৈ গ’ল ।কাৰণ মুখখন ক্ষন্তেকৰ কাৰণে চফা হ’লেও ,মনৰ ভিতৰত কিছুমান কথাই সানি থৈ যোৱা দাগবোৰ চেষ্টা কৰিও কেতিয়াও মচিব পৰা নাযায় ।
ৰিক্সাৱালা হ’ম বুলি সিও সৰুতে কেতিয়াও , কোনোদিনে ভৱা নাছিল ।এনেকুৱাও নহয় যে সৰুতে ৰিক্সা ,ঠেলা চলোৱা মানুহক সি সৰু মানুহ বুলি ভাবিছিল ।কাৰণ,তাৰ মাক–দেউতাকে সকলো কৰ্মকে সমানে শ্ৰদ্ধা আৰু সন্মান কৰিবলৈ শিকাইছিল ।ৰাজমিস্ত্ৰী কৰা দেউতাকে কোনোদিনে তাক পঢ়াৰ ক্ষেত্ৰত একো অসুবিধা পাবলৈ দিয়া নাছিল । দেউতাকৰ সপোন আছিল সি এদিন পঢ়ি শুনি ডাঙৰ মানুহ হ’ব ।সকলো ঠিকেই আছিল ।কিন্তু ,এদিন কামৰ পৰা ঘৰলৈ ওভটি অহাৰ সময়ত দেউতাকক বালি কঢ়িওৱা ট্ৰাক এখনে মহতিয়াই লৈ যায় ।
দেউতাক নোহোৱা ঘৰখনৰ সমষ্ট দায়িত্ব সি মূৰ পাতি ল’বলগীয়া হৈছিল। কাৰণ,দেউতাকৰ অনুপস্থিতিত তাক লৈ মাক আৰু ভনিয়েকৰ চকুকেইটাত দেখা পোৱা আশাৰ ৰেঙনিক সি নিৰাশ কৰিবলৈ বিচৰা নাছিল ।চাইকেলৰ গেৰেজ এখনত কাম কৰিবলৈ লৈছিল সি ।লাহে লাহে সি ৰিক্সা চলোৱা শিকি লৈছিল ।তেনেকৈয়ে আৰম্ভ হৈছিল অষ্টম মান শ্ৰেণীতে তাৰ ৰিক্সাৱালা হোৱাৰ জীৱন।
তেনেকৈয়ে এদিন সি ভনীয়েকক এঘৰলৈ উলিয়াই দিছিল ।তাৰে কিছুমাহ পাছত মাকেও তাক এৰি এদিন গুচি গৈছিল ।
এদিন তাৰ অকলশৰীয়া জীৱনলৈ আহিছিল পূৰ্ণিমা । টকা –পইচাৰ অভাৱ হ’লেও সংসাৰখনত পূৰ্ণিমাই কেতিয়াও সুখৰ অভাৱ হ’বলৈ দিয়া নাছিল । এখনৰ পৰা এদিন সি দুখন ৰিক্সাৰ গৰাকী হৈছিল । এখন নিজে চলাই ,এখন বেলেগক চলাবলৈ ভাড়ালৈ দিয়া কৰিছিল সি ।সময়ৰ লগে লগে পূৰ্ণিমাৰ কোলা এদিন শুৱনি কৰিছিল এজনী দেৱকন্যাই ।সমাজৰ কিছু লোকে ৰিক্সা চালকক লৈ কৰা ঠাট্টা –মস্কৰা,কঠুৱা বাক্যবোৰক মুনিনে সদায় নিজৰ সাহস হিচাপে লৈ নিজৰ কৰ্ম কৰি আগুৱাই গৈছিল যদিও,কেতিয়াবা সি এনেধৰণৰ চিন্তাধাৰাক লৈ আচৰিত নোহোৱাও নহয়।কেতিয়াবা ভাবে সি ,কিয় কিছুমান মানুহে ৰিক্সাচালক এজনক মৰমত মাত এষাৰ দিবলৈ কুণ্ঠাবোধ কৰে । ৰিক্সা –ঠেলা চলোৱা প্ৰতিজনে অশিক্ষিত হ’ব পাৰে বুলি কিয় ভাবি লয় বাৰু ।নিজৰ প্ৰাপ্য এটকা –দুটকা বেছিকৈ বিচাৰিলেও কিয় গালি–গালাজ কৰে ?
এনেধৰণৰ কথা–বতৰাবোৰে মুনিনৰ মনটোক মাজে সময়ে আঘাত দি যায় । তথাপিও সি কোনোদিনে ভাগৰি পৰা নাই ।নিজৰ কৰ্মক সদায় সন্মান দি আহিছে ।তাৰ কাৰণে আটাইতকৈ সুখৰ কথা এয়েই যে তাৰ ছোৱালী পূবালীয়েও কোনোদিনে দেউতাকৰ কামটোক লৈ লগৰ বন্ধু–বান্ধৱীৰ ওচৰত লাজ পোৱা নাই ।কোনোবাই তাইক সুধিলে তাইৰ দেউতাকে কি কৰে বুলি ?
তাই অতি গৰ্বৰে উত্তৰ দিয়ে তাইৰ দেউতাকে ৰিক্সা চলাই বুলি ।
এই সৰু সুখবোৰে মুনিনক জীৱনৰ প্ৰাপ্তি দি যায়।আজি মুনিন নিজে পাঁচ খন ৰিক্সাৰ গৰাকী যদিও জীৱনৰ প্ৰথম ৰিক্সাখন আজিও সি নিজেই চলায়।
দিনটো ৰিক্সা চলাই গধূলি হোৱাৰ আগে আগেই বজাৰ সমাৰ কৰি মুনিনে ঘৰৰ পদূলি পালেগৈ । ৰিক্সাৰ পৰা নমাৰ লগে লগে সি দেখিবলৈ পালে ঘৰৰ সন্মুখত দুচকীয়া–চাৰিচকীয়া বহুকেইখন বাহন ৰৈ আছে ।পৰিবেশটো দেখি মুনিন প্ৰথমতে অলপ আচৰিত হ’ল ।জপনা খুলি ৰিক্সাখন ভিতৰলৈ সোমাব লওঁতেই জীয়েক পূবালী দৌৰি আহি তাক সাৱট মাৰি ধৰিলে।তাইৰ লগে লগে পূৰ্ণিমা আৰু পূবালীৰ শিক্ষা জীৱনৰ শিক্ষাগুৰু কেইজন মানো আহি তাৰ কাষত থিয় হ’ল ।
একো ধৰিব নোৱাৰি সি আটাইৰে মুখলৈ চাব ধৰিলে ।তেনেকুৱাতে পূবালীৰ শিক্ষাগুৰু এজনে হাঁহি মাৰি ক’লে—মিঠাই নোখোৱালে নহ’ব কিন্তু ।আপোনাৰ ছোৱালীয়ে লোকসেৱা বিভাগৰ পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হৈ গৌৰৱ কঢ়িয়াই আনিছে ।কাইলৈ কলেজত তাইৰ কাৰণে এটা সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছো ।পূবালীৰ মাক–দেউতাক হিচাপে আপোনালোক দুয়োজনকে সভাখনত উপস্থিত থাকিবলৈ অনুৰোধ জনালোঁ ।
শিক্ষকজনৰ কথা শুনি মুনিনৰ চকুকেইটা চলচলীয়া হৈ পৰিল ।ৰাতিপুৱা স্কুলৰ গেটৰ কাষত ভদ্ৰমহিলা গৰাকীয়ে কোৱা কথা কেইটালৈ মনত পৰিল তাৰ ।জীয়েক পূবালীক সাৱট মাৰি ধৰিলে সি ।পূবালীয়েও দেউতাকৰ বুকুৰ মাজত সোমাই শিক্ষাগুৰুজনৰ পিনে চাই ক’লে —মোক নিবলৈ আপোনালোকে একো পঠিয়াব নালাগে চাৰ
।মই মোৰ দেউতাৰ ৰিক্সাতে যাম ।
কথাকেইটা শেষ কৰি তাই লগে লগে লগে দেউতাকৰ পিনে চাই সুধিলে—নে কি কোৱা দেউতা ।নিবানে মোক তোমাৰ ৰিক্সাত ?
মুনিনৰ চকুৰে আনন্দৰ বন্যা নামি আহিল । পুনৰবাৰ সি জীয়েকক বুকুৰ মাজত গৰ্বৰে সোমাৱাই ল’লে। কাৰণ ,জীয়েক পূবালীয়ে হৈছে তাৰ জীৱনযোৰা গৌৰৱ ।এজন ৰিক্সা চালকৰ গৌৰৱ ।
**কুনালজিৎ**
★সমাপ্ত★