অটোৱালাৰ প্ৰেম
: আহিলা তুমি। 
মই পৰশমণিক সুধিলো।
: উম ..। আদি ইমান সোনকালে কিয় মাতিলা ?
: মানে পৰশমণি তোমাক কথা এটা ক'বলৈ আছিলে। তোমাৰ পৰা অলপ সহায় বিচাৰিছোঁ। তুমি বাৰু মোক সহায় কৰিবানে। 
তাই মোৰ মুখত হাত এখনৰে সোপা দি মৰমৰে ক'লে 
: আদি প্লিজ তুমি আৰু এনেকুৱা কথা নকবা। তোমাৰ কাৰণে মই যিকোনো কাম কৰিব পাৰিম ....। বাৰু এতিয়া কোৱাচোন কেনেকুবা সহায়। 
: মানে পৰশমণি ....এহ এতিয়া বাদ দিয়া এইবিলাক কথা । তোমাৰ ক্লাছ কেতিয়া আছে ?
মোৰ কথা শুনি তাই ক'লে
: নাই নহ'ব তুমি মোক আজি ক'ব লাগিব কথাটো নহ'লে তোমাক বেয়া পাম।
মই নিৰুপায় কথাটো ক'বলৈ মন নাই। ক'লেও তাই ক'ৰ পৰা দিব মোক দহ হাজাৰ টকা। নকলেও দেখোন তাই এৰিকে নিদিয়ে। বহুত ভাবি চিন্তি মই তাইক ক'লো 
: মানে পৰশমণি ...
মই ৰৈ গ'লো
তাই মোক ক'লে 
: কোৱা আকৌ ৰৈ গ'লা যে। 
: উম ...মানে কি জানা পৰশমণি মই মানে 'অটোৱালাৰ প্ৰেম' নামৰ উপন্যাস খন প্ৰকাশ কৰিব বিচৰিছোঁ। তাত বিশ হাজাৰ টকা লাগিব মোৰ তাত দহ হাজাৰ মান টকা আছে বাকী দহ হাজাৰ ক'ত পাম ভাবি পোৱা নাই। বহুত ইচ্ছা আছিল এই উপন্যাসখন ছপা আকাৰে প্ৰকাশ কৰিবলৈ।
                তাইক কথা খিনি কৈ মই নীৰৱে চাই থাকিলো কৃষ্ণচূড়াবোৰৰ ফালে। মোৰ অনুভব হ'ল কৃষ্ণচূড়াবোৰে মোৰ ফালে চাই আছে হয়তো সিহঁতে মোৰ মনৰ কথা বুজিব পাৰিছে। এতিয়া কৃষ্ণচূড়া ফুলাৰ বতৰ নহয়। তথাপিও গুৱাহাটী বিশ্ববিদ্যালয়ক বাৰমাহে ৰঙিল কৰি ৰাখে এই কৃষ্ণচূড়াবোৰে। নীৰৱতা ভংগ কৰি পৰশমণিয়ে মোক ক'লে 
: আদি তোমাক কিমান টকা লাগিব বুলিছিলা। 
মই ক'লো 
: বাদ দিয়া এইবিলাক কথা। এতিয়া তুমি ক্লাছ কৰিব যোৱা। সৌৱা চোৱা তোমাৰ ক্লাছমেট অৰুনিমা আহিছে। তাই অৰুণিমা ফালে চালে।  অৰুণিমা আৰু পৰশমণি দুয়ো একেটা Deptt. তে।  অৰুণিমাৰ ঘৰ নাহৰকটীয়াত। তাই হোষ্টলত থাকে, শিক্ষক দিৱসৰ চেমিনাৰত তাইৰ সৈতে চিনাকি হৈছিলো। অৰুণিমা ছোৱালীজনী স্থিৰ গম্ভীৰ ঠিক পৰশমণিৰ দৰে।  অৰুণিমাই আহি মোক মাতিলে 
:  Hi আদিত্য দা। খবৰ ভাল নে আপোনাৰ? 
মই ক'লো
: আছোঁ দিয়া কোনোমতে। পিছে তোমাৰ খবৰ ভাল নে? 
অৰুণিমাই ক'লে 
: আছো দিয়ক ভালে। এইবাৰ তাই পৰশমণিৰ ফালে চাই পৰশমণিক ক'লে
: পৰশমণি তুমি ক্লাছ কৰিবা নে নাই ?
: নাই নকৰো প্ৰথম ক্লাছটো, শৰ্মা ছাৰৰ হে আছে। 
           মই একো মতা নাই। মনতো বেয়া লাগি আছে মোৰ। আজি মোৰ দহ হাজাৰ টকাটো প্ৰেছত দিব পাৰিম বাৰু।কিতাপখনৰ পাণ্ডুলিপি যেতিয়া প্ৰুফ কপি মোক দিব সিদিনাটো বাকীখিনি পইচা দিব লাগিব। কৰ পৰা দিম মই , যোৱা মাহৰ ৰুমৰ ভাড়া দিয়া নাই। এই অৱস্থাত মোৰ মূৰটোৱে একো কাম নকৰা হৈ যায়। গতিকে সিহঁতৰ কথাত মন দিয়া নাই।
অৰুণিমাই ক'লে 
: আপোনালোকে কথা পাতক আদিত্য দা, মই আহোঁ ।
মই হাঁহি এটাৰে অৰুণিমাক বিদায় দিলোঁ আৰু ক্ষন্তেক তাই যোৱাৰ ফালে চাই থাকি পৰশমণিক ক'লো 
: তুমি ক্লাছ কৰিব কিয় নগলা ?
: তুমি মোক কিয় কোৱা নাই তোমাৰ সমস্যা টোৰ কথা। 
: কি সমস্যা মই দেখোন ক'লো এ। 
: তোমাক কিমান টকা লাগে এতিয়া ? 
: দহ হাজাৰ। 
: ৰ'বা এক মিনিট। 
তাই বেগৰ পৰা মোবাইলটো উলিয়াই তাইৰ দেউতাকলৈ ফোন কৰিলে। দেউতাকে কি কৈছে মই শুনা নাই। তাই কৈ গৈছে।
: অ' পাপা মোক কাইলৈ লাগিব, দহ হাজৰ, নহ'ব কাইলৈ লাগিব, দিবা নে নিদিয়া কোৱা, Thank you পাপা Thank you so much .
ফোনটো কাটি  উঠি তাই মোক ক'লে। 
: হৈ গ'ল আদি তোমাৰ কাম হৈ গ'ল কাইলৈ তুমি প্ৰেছত দিব পাৰিবা।
              তাইৰ কথা শুনি মোৰ দুচকুৰে বৈ আহিল অশ্ৰুৰ নৈ খন। নিজকে বহুত ভাগ্যবান যেন লাগিল তাইক মই প্ৰিয়তমা হিচাপে পাই। দেউতাক হেৰুৱাৰ পৰা মাৰ সৈতে পাৰ কৰিছিলো জীৱনৰ ভালেখিনি সময়। আজি যেন পৰশমণি আহি জীৱনৰ গতি সলনি কৰি দিলে। মোৰ দুচকুত চকুপানী দেখি তাইয়ো কান্দি পেলালে। তাই আবেগতে সাবটি ধৰিলে ময়ো সাবতি ধৰিলো। আমি এনেকৈ সাবটি ধৰা দেখিলে ৰাতুলহঁতে।ৰাতুলহঁতে আমাক দেখি আমাৰ ফালে চাই হাঁহি হাঁহি গুছি গ'ল। তাৰ পিছত আমি আগৰ অৱস্থালৈ ঘূৰি আহিলো। মই তাইক ক'লো
: ব'লা ব'লা ক্লাছ কৰিবলৈ যাওঁ।
তাই ক'লে 
: উম ব'লা ব'লা। 
আমি ক্লাছ কৰিবলৈ বুলি নিজৰ নিজৰ ক্লাছলৈ গ'লো।
@ ক্ৰমশঃ 
মোৰ কপালত সেন্দুৰ নিদিবা উপন্যাস লিখিবলৈ সময় পোৱা নাই । তাৰ বাবে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছো । কেইদিনমানৰ পিছত সেই উপন্যাস খন আগবঢ়াম । কোনেও যাতে বেয়া নাপাই ।


 
 
 
 
 
 
 
.jpeg) 
 
 
 
 
 
 
 
 
